Thursday, October 1, 2015

সাৰ পাম মই পুৱতি নিশাতে

সাৰ পাম মই পুৱতি নিশাতে

নিয়ৰ যেতিয়া সৰে

বাটৰ শুকান ধূলিক সেমেকা

যিটো প্ৰহৰে কৰে

আই মোক জগাবি

আই মোক জগাবি


মই চাব খোজোঁ হেঙুলী বেলিয়ে

এন্ধাৰ কেনেকৈ নাশে

ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে

কুসুমৰ কাষে কাষে

উদং বতাহৰ বুকু কেনেকৈ

মিঠা সুবাসেৰে ভৰে


সাৰ পাম মই পুৱতি নিশাতে

নিয়ৰ যেতিয়া সৰে 

বাটৰ শুকান ধূলিক সেমেকা যিটো প্ৰহৰে কৰে

আই মোক জগাবি

আই মোক জগাবি


জানিব খুজিছোঁ গোপন মন্ত্ৰ

সৃষ্টিত থকা আই

জানিব খুজিছোঁ কি গীত গালে

শূন্য আঁতৰি যায়


মোৰ মন আছে ফুলি উঠিবৰ

সূৰ্যমুখীৰ দৰে



সাৰ পাম মই পুৱতি নিশাতে 

নিয়ৰ যেতিয়া সৰে 

বাটৰ শুকান ধূলিক সেমেকা 

যিটো প্ৰহৰে কৰে।