Friday, June 9, 2017

Ubhoti Aakou (উভটি আকৌ) by Papon

উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

.
এইবেলিৰ পলাশ ফুলে কাণে² কথা নক'লে
এজাৰ ফুলা দেখি এতিয়া বেজাৰ কিয় যে নেলাগে?

পানীগছা বা নদীৰ ঢৌ
পাহাৰো ভাল নেলাগে 
ভালপোৱা সকলো মোৰ কিয় লৈ গ'লাগে?
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

                       

নাই, তুমি আৰু নাই 
মনে কিয় মোৰ বুজি নাপায়
অবুজ মনে হঠাত 
আকৌ তোমাক কাষতে পায়
যাবলে আছিল যদি এবাৰো নক'লা কিয়
ভালপোৱা সঁচাই যদি নোকোৱাকে গ'লা কিয়
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....