Thursday, March 1, 2018

অ' মোৰে লগৰী (জিতুল সোণোৱাল)

 বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


মোৰ বাবে চকুলো নুটুকিবা

যোৱাৰ পৰত ক’লো

শোণিতেৰে বুকুত নাম লিখি

আজি দূৰণিলে ওলালোঁ, অকলশৰে ।

অ’ মোৰে লগৰী ।



 

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


চাওঁ নে নাচাওঁ কৈ চোৱা

দেখি কৰুণ মুখনি

বুকুৱেদি বৈ যাব খোজে

জুই সনা বিষাদ নদী ।



 

চাওঁ নে নাচাওঁ কৈ চোৱা

দেখি কৰুণ মুখনি

বুকুৱেদি বৈ যাব খোজে

জুই সনা বিষাদ নদী ।

যাবলে ওলাই আজি

থমকে কিয় দু-ভৰি, আজানিতে ।

অ’ মোৰে লগৰী ।

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


পৰিলে মনত মোক পাবা

সপোন নদীৰ পাৰতে

সুধিলে খবৰ মোৰ পাবা

তৰা ভৰা আকাশকে ।

পৰিলে মনত মোক পাবা

সপোন নদীৰ পাৰতে

সুধিলে খবৰ মোৰ পাবা

তৰা ভৰা আকাশকে ।

জোনাকত যিমান পোহৰ

সিমান মৰম তোমালে, বুকুভৰি ।

অ’ মোৰে লগৰী ।

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


মোৰ বাবে চকুলো নুটুকিবা

যোৱাৰ পৰত ক’লো

শোণিতেৰে বুকুত নাম লিখি

আজি দূৰণিলে ওলালোঁ, অকলশৰে ।

অ’ মোৰে লগৰী ।

অ’ মোৰে লগৰী ।

অ’ মোৰে লগৰী ।