Wednesday, October 29, 2025

জোন জ্বলি শেষ হয় (ৰৈ ৰৈ বিনালে)

জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়


জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


জীয়া জীয়া সপোন

ৰিঙা ৰিঙা চোন

তুমি মাথোঁ মোৰ

দূৰণিৰে জোন


দুচকুৰেনো নিৰৱধি বয়

উৰুঙা হিয়াতে দুখে কথা কয়


জোনাকে চুমি চাই

নিচুকায় মোৰ হৃদয়

তুমি নাই একো নাই

নিশায়ে মাথোঁ বিনায়


জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


উশাহে উশাহে বেদনা বৰষে

সুৰে সুৰে গানে চকুলো তোমাৰে

নিথৰ বতাহত সুবাস বিচাৰোঁ

উকা আঁচলতে এন্ধাৰ বোটলোঁ

তমসাৰ এই মায়া এতিয়া আপোন

প্ৰতিদিন প্ৰতিপল ধুমুহাৰ নাচোন


জোন জ্বলি শেষ হয়

মন জ্বলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়