Friday, June 9, 2017

Ubhoti Aakou (উভটি আকৌ) by Papon

উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

.
এইবেলিৰ পলাশ ফুলে কাণে² কথা নক'লে
এজাৰ ফুলা দেখি এতিয়া বেজাৰ কিয় যে নেলাগে?

পানীগছা বা নদীৰ ঢৌ
পাহাৰো ভাল নেলাগে 
ভালপোৱা সকলো মোৰ কিয় লৈ গ'লাগে?
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

                       

নাই, তুমি আৰু নাই 
মনে কিয় মোৰ বুজি নাপায়
অবুজ মনে হঠাত 
আকৌ তোমাক কাষতে পায়
যাবলে আছিল যদি এবাৰো নক'লা কিয়
ভালপোৱা সঁচাই যদি নোকোৱাকে গ'লা কিয়
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

Monday, April 10, 2017

চকু মেলি নাচাবা (soku meli nasaba)

কণ্ঠ: ৰুণজুন ফুকন

গীতিকাৰ: কেশৱ মহন্ত

সংগীত: ৰমেন বৰুৱা

বোলছবি: আজলী নবৌ (১৯৮০)


চকু মেলি নাচাবা

অ', ৰ লাগি নাচাবা

চকু মুদি চোৱাচোন

দেখা পাবা তাতেই

মন উতলায় কোনে

চিত নচুৱায়



 

ৰঙতে ৰঙিলী

পখিলা 

পৰেহি ফুলতে

দেখিলা

ফুলনি নাচিলে হালি-জালি

হালি-জালি

কোনে বাৰু চাই চাই

আপোন পাহৰি নাযায়


অ' , মন মাৰি আছাচোন

নোচোৱানো কেলেই

ক'ত মৰি যাওঁ

মন পমি যায়

ক'ত মৰি যাওঁ

মন পমি যায়



 

আৰু যে এখনি ফুলনি

ফুলৰে হৈ আছে

শুৱনি

আশাৰে উলাহি জকেমকি

জকেমকি

তালৈ আজি চাবলৈ

জানো আপোন কোনো নাই


আৰু যে এখনি ফুলনি

ফুলৰে হৈ আছে

শুৱনি

আশাৰে উলহি জকেমকি

জকেমকি

তালৈ আজি চাবলৈ

জানো আপোন কোনো নাই


অ', জানো জানো

কাষতে আছে মোৰ বুকুতে

ধন সাঁচতীয়া মোৰ

আছে বাট চায়

ধন সাঁচতীয়া মোৰ

আছে বাট চায়


চকু মেলি নাচাবা

অ' , ৰ লাগি নাচাবা

চকু মুদি চোৱাচোন

দেখা পাবা তাতেই

মন উতলাই কোনে

চিত নচুৱায়

মন উতলাই কোনে

চিত নচুৱায়

Monday, January 2, 2017

গানৰে পথাৰতে


You never never give it up
You never never feel alone

গানৰে পথাৰতে শস্য সিঁচি নাভাগৰোঁ কোনো কালেই মই
সুৰৰে সাগৰতে ডিঙা মেলি যামে গৈ অসীমলে বৈ ²
বাংময় এই জীৱন
সুৰেৰে সজালোঁ
উন্মাদ মোৰ সময়
গানেৰে গুঁথিলোঁ
গানেৰে দিব খোজোঁ সকলোকে সৰগৰে শত আভা মই...
You never never give it up
You never never feel alone²

মই পোহৰৰ লেলিহান একুৰা জোনাকী জুই
মই মানুহৰ সমিধান সুৰীয়া সুবাসী নৈ
যুঁজিবলে গান মোৰ শকতি
নালাগে মোক কোনো কালেই আহৰি
আনিমেই সুখ মই এদিন আধাৰি
জগত উজলামে আজীৱন মই

You never never give it up
You never never feel alone---(4times)