কণ্ঠ: ৰুণজুন ফুকন
গীতিকাৰ: কেশৱ মহন্ত
সংগীত: ৰমেন বৰুৱা
বোলছবি: আজলী নবৌ (১৯৮০)
চকু মেলি নাচাবা
অ', ৰ লাগি নাচাবা
চকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলায় কোনে
চিত নচুৱায়
ৰঙতে ৰঙিলী
পখিলা
পৰেহি ফুলতে
দেখিলা
ফুলনি নাচিলে হালি-জালি
হালি-জালি
কোনে বাৰু চাই চাই
আপোন পাহৰি নাযায়
অ' , মন মাৰি আছাচোন
নোচোৱানো কেলেই
ক'ত মৰি যাওঁ
মন পমি যায়
ক'ত মৰি যাওঁ
মন পমি যায়
আৰু যে এখনি ফুলনি
ফুলৰে হৈ আছে
শুৱনি
আশাৰে উলাহি জকেমকি
জকেমকি
তালৈ আজি চাবলৈ
জানো আপোন কোনো নাই
আৰু যে এখনি ফুলনি
ফুলৰে হৈ আছে
শুৱনি
আশাৰে উলহি জকেমকি
জকেমকি
তালৈ আজি চাবলৈ
জানো আপোন কোনো নাই
অ', জানো জানো
কাষতে আছে মোৰ বুকুতে
ধন সাঁচতীয়া মোৰ
আছে বাট চায়
ধন সাঁচতীয়া মোৰ
আছে বাট চায়
চকু মেলি নাচাবা
অ' , ৰ লাগি নাচাবা
চকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলাই কোনে
চিত নচুৱায়
মন উতলাই কোনে
চিত নচুৱায়
No comments:
Post a Comment