Friday, April 10, 2020

মতলীয়া বতাহে (জুবিন গাৰ্গ)

 কণ্ঠ: জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ

বোলছবি: নায়ক (২০০১)


মতলীয়া বতাহে উৰি আহি ক'লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ


জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰ নাই ভাগৰ


আৱেগৰ ৰাগি বতাহত উৰে চৌদিশে

মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে


মই আছো গোপনে তোমাৰেই যে ভাৱতে

উমলিছোঁ প্ৰতিপল জানা

হৃদয় প্ৰেমৰ অনল



 

বৰণীয়া ফুলনি

আৱাহনী দোলনি

তালে তালে নাচে পখিলাই

মোৰো বুকু কঁপিছে

উলাহতে নাচিছে

কাষৰতে তুমি পিছে নাই


মই আছোঁ তোমাৰে

দুচকুৰে পাহিতে

চাই লোৱা দুচকু জপায়


মতলীয়া বতাহে উৰি আহি ক'লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ



 

জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰে নাই ভাগৰ


ভাৱনাৰে ওৰণি

গুচুৱাই আঁজুৰি

কুঁৱলীৰে মায়া আঁতৰাই


শৰীৰী ৰূপকে লৈ

চেনেহী প্ৰেয়সী হৈ

দেখা দিয়া হিয়া শীতলাই


মই আছোঁ তোমাতেই

আছিলোঁ থাকিমে

তোমাৰ মনক নিতে পোহৰাই


মতলীয়া বতাহে উৰি আহি ক'লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ


জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰে নাই ভাগৰ

No comments:

Post a Comment