আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ
বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ
মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰ জোনাক
জোনাকী মন এটি হৈ
আহিছিলোঁ মৰমৰে বোজা লৈ
আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ
বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ
মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুজুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ
আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ
বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ
No comments:
Post a Comment