Wednesday, October 29, 2025

জোন জ্বলি শেষ হয় (ৰৈ ৰৈ বিনালে)

জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়


জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


জীয়া জীয়া সপোন

ৰিঙা ৰিঙা চোন

তুমি মাথোঁ মোৰ

দূৰণিৰে জোন


দুচকুৰেনো নিৰৱধি বয়

উৰুঙা হিয়াতে দুখে কথা কয়


জোনাকে চুমি চাই

নিচুকায় মোৰ হৃদয়

তুমি নাই একো নাই

নিশায়ে মাথোঁ বিনায়


জোন জ্বলি শেষ হয়

মন গলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


উশাহে উশাহে বেদনা বৰষে

সুৰে সুৰে গানে চকুলো তোমাৰে

নিথৰ বতাহত সুবাস বিচাৰোঁ

উকা আঁচলতে এন্ধাৰ বোটলোঁ

তমসাৰ এই মায়া এতিয়া আপোন

প্ৰতিদিন প্ৰতিপল ধুমুহাৰ নাচোন


জোন জ্বলি শেষ হয়

মন জ্বলি শেষ হয়

এটি এটি পল যেন

বুকু বিদাৰি ৰয়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়


তুমি নাহিলে সোণ

ৰাতিও নুপুৱায়

ভঙা কলিজা মোৰ

ৰৈ ৰৈ বিনায়

Sunday, August 22, 2021

আশা (জুবিন গাৰ্গ)

 আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ

বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ


মোৰ গানত আছে অনামিকা মায়া

সপোনৰ সুৰৰ নুবুজা আশা

মোৰ গানে আনে বহুতো প্ৰকাশ

পোৱা নোপোৱা মনৰ জোনাক

জোনাকী মন এটি হৈ

আহিছিলোঁ মৰমৰে বোজা লৈ


আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ

বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ


মোৰ গানত আছে বৰষাৰ অনল

সেমেকা শীতৰ ৰ’দালি কোমল

মোৰ গানে দিব নতুন ভাষা

নতুনৰ জোনাক নতুন দিশা

ক্লান্ত বুকুজুৰি ব’ব

সৃষ্টিৰেই অমল বতাহ


আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ

বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ

Friday, April 10, 2020

মতলীয়া বতাহে (জুবিন গাৰ্গ)

 কণ্ঠ: জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ

বোলছবি: নায়ক (২০০১)


মতলীয়া বতাহে উৰি আহি ক’লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ


জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰ নাই ভাগৰ


আৱেগৰ ৰাগি বতাহত উৰে চৌদিশে

মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে


মই আছো গোপনে তোমাৰেই যে ভাৱতে

উমলিছোঁ প্ৰতিপল জানা হৃদয় প্ৰেমৰ অনল


বৰণীয়া ফুলনি

আৱাহনী দোলনি

তালে তালে নাচে পখিলাই

মোৰো বুকু কঁপিছে

উলাহতে নাচিছে

কাষৰতে তুমি পিছে নাই


মই আছোঁ তোমাৰে

দুচকুৰে পাহিতে

চাই লোৱা দুচকু জপায়


মতলীয়া বতাহে উৰি আহি ক’লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ



 

জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰে নাই ভাগৰ


ভাৱনাৰে ওৰণি

গুচুৱাই আঁজুৰি

কুঁৱলীৰে মায়া আঁতৰাই


শৰীৰী ৰূপকে লৈ

চেনেহী প্ৰেয়সী হৈ

দেখা দিয়া হিয়া শীতলাই


মই আছোঁ তোমাতেই

আছিলোঁ থাকিমে

তোমাৰ মনক নিতে পোহৰাই


মতলীয়া বতাহে উৰি আহি ক’লে যে

পাহাৰৰে চূড়াকে মেঘে

যাচে হিয়াৰে আদৰ


জুৰিটিয়ে বেগেৰে

শিলে শিলে জঁপিয়াই

আৱেগেৰে কৈ যায়

শুনা পিৰীতিৰে নাই ভাগৰ

Saturday, April 13, 2019

ঐ জান ঐ আকাশখন ধুনীয়া (Oi Jaan Oi Aakaxkhon Dhuniya)

কণ্ঠ: জুবিন গাৰ্গ
সংগীত: বিমান বৰুৱা






ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
 
ঐ জান দূৰণিতে, ঐ জান তুমি থাকা
ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা
ঐ জান ঐ...
ঐ জান আহিল বৰদৈচিলা
ঐ জান ঐ দিলে বিহুৰ বতৰা
ঐ জান আহিল বৰদৈচিলা
ঐ জান ঐ দিলে বিহুৰ বতৰা
ঐ জান ঐ জাকে জাকে বিহুৱা
ঐ জান ঐ ৰঙত হৈ বলিয়া
ঐ জান তুমি আহিবা
ঐ জান কপৌফুল আনিবা
ঐ জান মোৰ ঢিলা খোপাত
ঐ জান তুমি গুঁজি দিবা
ঐ জান ঐ...
ঐ জান ঐ সাগৰত কিমান পানী
ঐ জান ঐ কোনেনো জুখিব
ঐ জান ঐ সাগৰত কিমান পানী
ঐ জান ঐ কোনেনো জুখিব
 
ঐ জান ঐ তোমালৈ থকা মৰম
ঐ জান ঐ কোনেনো বুজিব
ঐ জান ঐ তোমালৈ থকা মৰম
ঐ জান ঐ কোনেনো বুজিব
ঐ জান আনে জানো দিব
ঐ জান তোমাৰ অন্তৰক
ঐ জান কোনে বুজি পাব
ঐ জান তোমাৰ মৰমক
ঐ জান ঐ...
ঐ জান ঐ শুনানে দোভাগ ৰাতি
ঐ জান কেতেকীৰ বিননি
ঐ জান ঐ মনৰে চিতনি
ঐ জান ঐ নিশা নাহে টোপনি
ঐ জান মৰুভূমিৰ বালিত
ঐ জান মৰীচিকা খেদি
ঐ জান তোমাকে পাবলৈ
ঐ জান আছোঁ আশা কৰি
ঐ জান ঐ......
ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
ঐ জান দূৰণিতে, ঐ জান তুমি থাকা
ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা
ঐ জান ঐ... 
ঐ জান ঐ... 
ঐ জান ঐ....

Thursday, March 1, 2018

অ' মোৰে লগৰী (জিতুল সোণোৱাল)

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


মোৰ বাবে চকুলো নুটুকিবা

যোৱাৰ পৰত ক’লো

শোণিতেৰে বুকুত নাম লিখি

আজি দূৰণিলে ওলালোঁ, অকলশৰে ।

অ’ মোৰে লগৰী ।



 

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে অলপ সময়

জানা নে নাজানা ।


চাওঁ নে নাচাওঁ কৈ চোৱা

দেখি কৰুণ মুখনি

বুকুৱেদি বৈ যাব খোজে

জুই সনা বিষাদ নদী ।



 

চাওঁ নে নাচাওঁ কৈ চোৱা

দেখি কৰুণ মুখনি

বুকুৱেদি বৈ যাব খোজে

জুই সনা বিষাদ নদী ।

যাবলে’ ওলাই আজি

থমকে কিয় দু-ভৰি, আজানিতে ।

অ’ মোৰে লগৰী ।

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে’ অলপ সময়

জানা নে নাজানা ।


পৰিলে মনত মোক পাবা

সপোন নদীৰ পাৰতে

সুধিলে খবৰ মোৰ পাবা

তৰা ভৰা আকাশকে ।

পৰিলে মনত মোক পাবা

সপোন নদীৰ পাৰতে

সুধিলে খবৰ মোৰ পাবা

তৰা ভৰা আকাশকে ।

জোনাকত যিমান পোহৰ

সিমান মৰম তোমালে, বুকুভৰি ।

অ’ মোৰে লগৰী ।

বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা,

ৰাতি পুৱাবলে’ অলপ সময়

জানা নে নাজানা ।


মোৰ বাবে চকুলো নুটুকিবা

যোৱাৰ পৰত ক’লোঁ

শোণিতেৰে বুকুত নাম লিখি

আজি দূৰণিলে’ ওলালোঁ, অকলশৰে ।

অ’ মোৰে লগৰী ।

অ’ মোৰে লগৰী ।

অ’ মোৰে লগৰী ।

Friday, June 9, 2017

Ubhoti Aakou (উভটি আকৌ) by Papon

উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

.
এইবেলিৰ পলাশ ফুলে কাণে² কথা নক'লে
এজাৰ ফুলা দেখি এতিয়া বেজাৰ কিয় যে নেলাগে?

পানীগছা বা নদীৰ ঢৌ
পাহাৰো ভাল নেলাগে 
ভালপোৱা সকলো মোৰ কিয় লৈ গ'লাগে?
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

                       

নাই, তুমি আৰু নাই 
মনে কিয় মোৰ বুজি নাপায়
অবুজ মনে হঠাত 
আকৌ তোমাক কাষতে পায়
যাবলে আছিল যদি এবাৰো নক'লা কিয়
ভালপোৱা সঁচাই যদি নোকোৱাকে গ'লা কিয়
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়।
শুনিব তোমাৰ মাত মন যায়।।
উভতি আকৌ যাব মন যায়। 
হেৰুৱাই আকৌ পাব মন যায়।। 
নেদেখোঁ তোমাক চাব মন যায়

উভতি আকৌ.....

Monday, April 10, 2017

চকু মেলি নাচাবা (soku meli nasaba)

কণ্ঠ: ৰুণজুন ফুকন

গীতিকাৰ: কেশৱ মহন্ত

সংগীত: ৰমেন বৰুৱা

বোলছবি: আজলী নবৌ (১৯৮০)


চকু মেলি নাচাবা

অ', ৰ লাগি নাচাবা

চকু মুদি চোৱাচোন

দেখা পাবা তাতেই

মন উতলায় কোনে

চিত নচুৱায়



 

ৰঙতে ৰঙিলী

পখিলা 

পৰেহি ফুলতে

দেখিলা

ফুলনি নাচিলে হালি-জালি

হালি-জালি

কোনে বাৰু চাই চাই

আপোন পাহৰি নাযায়


অ' , মন মাৰি আছাচোন

নোচোৱানো কেলেই

ক'ত মৰি যাওঁ

মন পমি যায়

ক'ত মৰি যাওঁ

মন পমি যায়



 

আৰু যে এখনি ফুলনি

ফুলৰে হৈ আছে

শুৱনি

আশাৰে উলাহি জকেমকি

জকেমকি

তালৈ আজি চাবলৈ

জানো আপোন কোনো নাই


আৰু যে এখনি ফুলনি

ফুলৰে হৈ আছে

শুৱনি

আশাৰে উলহি জকেমকি

জকেমকি

তালৈ আজি চাবলৈ

জানো আপোন কোনো নাই


অ', জানো জানো

কাষতে আছে মোৰ বুকুতে

ধন সাঁচতীয়া মোৰ

আছে বাট চায়

ধন সাঁচতীয়া মোৰ

আছে বাট চায়


চকু মেলি নাচাবা

অ' , ৰ লাগি নাচাবা

চকু মুদি চোৱাচোন

দেখা পাবা তাতেই

মন উতলাই কোনে

চিত নচুৱায়

মন উতলাই কোনে

চিত নচুৱায়